ভোকৰ লালসাত পৰি ৰাজনীতি, সমাজ, ঘৰ সকলোতে পৰিভ্ৰমী পক্ষীৰ দৰে বিচৰণ কৰি ফুৰা অমল এতিয়া শয্যাগত অৱস্হাত । যৌৱনৰ বলীয়া বানত উটি ভাহি ফুৰা অমলৰ এতিয়া একেবাৰে ভোক নোহোৱা হ’ল । কোনোবাই উপযাচি কিবা দিলেও অভোকত জানো কোনোবাই খাব পাৰে বুলি কৈ মনৰ লোভ সামৰি নিৰবে চকুলো টুকে । সচাঁকৈ অভোকত খাবলগীয়া হ’লেও খাদ্য হজম নহয় ।
✍️ৰীমা গায়ন বৰা