আলোচনী এখনে এখন সমাজক জীয়াই ৰাখিব পাৰে, সৃষ্টিৰ ন ন বাট দেখুৱাব পাৰে৷ আজিৰ ’ডিজিটেল’ পৃথিৱীত আলোচনী এখনৰ অত্যন্তই আৱশ্যক৷ ’ম’বাইল ফোন’ৰ লগতে ’চচিয়েল মিডিয়া’ই গ্ৰাস কৰা যুৱ-প্ৰজন্মক আলোচনী এখনে সেই আসক্তিৰ পৰা মুক্তি দিব পাৰিব, তাৰ বাবে লাগিব সঠিক দিশ, সঠিক নেতৃত্ব আৰু লেখক/লেখিকাসকলৰ লগতে পঢ়ুৱৈ সকলৰ সহায় সহযোগিতা৷ তেনেকুৱা এখন আলোচনী হৈছে জোনাকী পষেকীয়া ই-আলোচনী৷ ই-আলোচনী এখন সামাজিক মাধ্যমৰ এক ’ৱেবচাইট’ নহয় ই হৈছে এটা আধুনিক যুগৰ ’ডিজিটেল’ পুথিভঁৰাল সদৃশ, যিয়ে নতুন নতুন লেখক/লেখিকাসকলক লিখাৰ বাবে এখন ভাল মঞ্চ দিয়াৰ লগতে পাঠক সকলক পঢ়াৰ এক সুযোগ দি আহিছে৷ ’জোনাকী’ পষেকীয়া আলোচনীখনৰ সংখ্যাটি ’পি.ডি.এফ’ ৰূপে প্ৰকাশ কৰিব পায় আমি বাৰুকৈয়ে আনন্দিত হৈছোঁ৷ আশা কৰিছোঁ ইয়াৰ জৰিয়তে ভৱিষ্যতে নতুন লেখক/লেখিকা সকলে আগবাঢ়ি যাব সফলতাৰ জখলাৰে দূৰ দিগন্ত দিশে৷ সকলোলৈ বহুত বহুত শুভকামনা থাকিল, আশা কৰিছোঁ সকলোৱে আলোচনীখন সুন্দৰভাবে আকোঁৱালি লৈ নিজে পঢ়ি আনকো পঢ়াৰ বাবে সুবিধাকন দিব৷
ধন্যবাদেৰে –
জিতু ৰাজ, নলবাৰী
সম্পাদনা সহযোগী
জোনাকী পষেকীয়া ই-আলোচনী