ৱেব প্ৰকাশকৰ একলম

হৰ্ষিত চুতীয়া

সাহিত্য হ’ল সমাজৰ দাপোন স্বৰূপ৷ সাহিত্যৰ যোগেদি মনৰ অনুভৱবোৰ লিখনিৰে প্ৰকাশ কৰি সমাজখনক আগুৱাই নিয়াত সহায়ক হয়৷ গতিকে সাহিত্য সৃষ্টি আৰু চৰ্চা কৰিবলৈ বৰ্তমান ডিজিটেল পৃথিৱীত আলোচনী এখন অতিকে প্ৰয়োজনীয়তা আছে৷ যাৰ জৰিয়তে ন-পুৰণি লেখাৰুৱে নিজৰ নিজৰ লেখা সমূহ প্ৰকাশ কৰি সাহিত্যৰ জগতখন জীপাল কৰি ৰাখিব পাৰে৷ ৰাইজে নখ জোকাৰিলে নৈ বয়৷ আমিও তেনে এখন নৈয়ে হ’ব বিচাৰিছো৷ নৈৰ সাগৰ-মুখী যাত্ৰাৰ লেখীয়া আমাৰ এই সপোন বাস্তৱত পৰিণত কৰি তোলাৰ আশাৰে এজাক উঠি অহা নৱ-প্ৰজন্মৰ যুৱক-যুৱতীৰ প্ৰচেষ্টাৰে আৰু জ্যেষ্ঠ সাহিত্যিক সকলৰ উদ্যোগত সুপ্ত প্ৰতিভাৰ বিকাশৰ লগতে সাহিত্য চৰ্চা কৰা ন-পুৰণি প্ৰতিভা সম্পন্ন ব্যক্তি সকলক ডিজিটেল মাধ্যম আৰু সাহিত্য জগতত চিনাকি কৰাই দিয়াৰ লগতে সকলোৰে লেখা সমূহ PDF(paid) আৰু ছপা আকাৰত (কিতাপ) প্ৰকাশ কৰাৰ লগতে তেওঁলোকক সাহিত্য চৰ্চাৰ মাধ্যমত এক সুকীয়া পৰিচয় দাঙি ধৰি ন সাজত, ন ৰূপত, বেলেগতকৈ বেলেগ, এক নতুনত্ব দিবলৈ চেষ্টা কৰা হৈছে৷

বৰ্তমান PDF আকাৰত বৈদ্যুতিক ই-আলোচনী ৰূপত প্ৰকাশ কৰা লগতে লেখাৰ সমূহৰ মানদণ্ড যিমান পাৰি উন্নত কৰি যিমান সোনকালে পাৰি পাঠক সমাজৰ হাতত তুলি দিবলৈ যৎপৰোনাস্তিক চেষ্টা অব্যাহত ৰখা হৈছে৷ যিহেতু ইণ্টাৰনেটৰ জৰিয়তে যোগাযোগ কৰা সেৱাসমূহৰ ভিতৰত ৱেব হৈছে অন্যতম৷ ই হৈছে আন্তঃসংযোগী দস্তাবেজ আৰু অন্যান্য সম্পদৰ সংকলন, হাইপাৰলিংক আৰু URL দ্বাৰা সংযুক্ত৷ আলোচনীখন অধিক প্ৰচাৰ-প্ৰসাৰ হোৱাৰ লগতে ইণ্টাৰনেটত সহজে উপলব্ধ হোৱাকৈ jonakii.in নামেৰে এটা ৱেবচাইট ইতিমধ্যে ব্যৱস্থা কৰা হৈছে৷

আশাকৰোঁ সকলোৱে আলোচনীখন মৰমেৰে আঁকোৱালি ল’ব৷ এই যাত্ৰাত বিচাৰিছো আপোনালোকৰ মৰমভৰা সঁহাৰি, আশিস আৰু দিক-দৰ্শন …

ধন্যবাদেৰে –

হৰ্ষিত চুতীয়া, চৰাইদেউ
ৱেব প্ৰকাশক
জোনাকী পষেকীয়া ই-আলোচনী

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *