কিতাপ হৈছে আমাৰ পৰম বন্ধু৷ সময় হৈছে আপুৰুগীয়া সম্পদ৷ এই অমূল্য সময় পৰৰ নিন্দা কৰাত নষ্ট কৰাতকৈ এখন ভাল কিতাপ পঢ়াই শ্ৰেয়৷ ২০২০ চনত ক’ৰণা মহামাৰীয়ে অনাকাংক্ষিত ভাবে আতংকৰ সৃষ্টি কৰিলে৷ কোনো মানুহ ক’তো ওলাই যাব নোৱাৰাকৈ নিসংগ কৰি পেলাইছিল৷ তেতিয়াই একাংশই হাতত একোখনকৈ কিতাপ তুলি লৈছিল৷ ইণ্টাৰনেট যুগৰ ব্যস্ত পৃথিৱীৰ মাজতো একাংশ গ্ৰন্থ তথা সাহিত্যপ্ৰেমী ৰাইজৰ মাজত কিতাপ পঢ়াৰ প্ৰৱণতা বাঢ়িছে৷
সাহিত্য হৈছে এখন সমাজৰ দাপোণস্বৰূপ৷ সাহিত্যৰ মাজেৰে একোখন সমাজৰ ছবি প্ৰতিফলিত হয়৷ সেই সমাজৰ মাজত সাহিত্যৰ নৱ নৱ সোৱাদ উপভোগ কৰাৰ বাবে সহায়কাৰী হয় একোখনকৈ আলোচনী৷ আলোচনীৰ মাধ্যমেৰে সাহিত্যই পূৰ্ণতা লাভ কৰে৷
সময় গতিশীল৷ ইয়াৰ গতি নীৰৱিচ্ছিন্ন৷ আমি স্বাধীনতা লাভ কৰা তিনিকুৰিৰো অধিক হ’ল৷ আগন্তুক ভৱিষ্যতে আমাৰ দেশ তথা ৰাজ্যৰ শ্ৰীবৃদ্ধি হওক৷ সকলোলৈকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছাৰে, এই বিশেষ সংখ্যাটি আপোনালোকৰ হাতত তুলি দিলোঁ৷
ধন্যবাদেৰে –
ঋতুপৰ্ণা ইংতিপি, মৰিগাঁও
সাহিত্য ও সাংস্কৃতিক বিভাগ
জোনাকী পষেকীয়া ই-আলোচনী