স্বাৰ্থৰ্ভৰা মায়াৱী পৃথিৱীখনত একমাত্ৰ সাহিত্যই এনে এটা জগত য’ত জাতি-ধৰ্ম-বৰ্ণৰ ভেদাভেদ নকৰি এটা এটা শব্দৰে নতুন পৃথিৱীৰ সৃষ্টি কৰিব পাৰি৷ কবিতা, গল্প, অনুগল্প, ভ্ৰমণ কাহিনী, উপন্যাস, লিমাৰিক, স্তৱক, নীলা খামৰ চিঠি আদিৰ দুৱাৰমুখ এজন সাহিত্যিকৰ কাষত সদায় শ্ৰেষ্ঠতম শান্তি আৰু স্বৰ্গ ঠাই৷ নামত অতি উচ্চ শিক্ষিত সমাজত নিজৰ দুখ-কষ্ট, বিষাদ-বেদনা আনৰ আগত প্ৰকাশ কৰি ঘাত-প্ৰতিঘাত পোৱাতকৈ ডায়েৰীৰ পাতত মনৰ কথাবোৰ সাঁচি ৰাখিলে উপহাৰত মুক্ত জগতৰ সন্ধান পোৱা যায়৷ সাহিত্যই আমাৰ অমূল্য সম্পদ য’ত কু-প্ৰভাৱৰ কোনো চিহ্ন নাথাকে৷ সেয়ে আজিৰ যুগৰ নৱপ্ৰজন্মক আগুৱাই নিয়াৰ বাবে শ্ৰদ্ধাৰ সন্মানীয় বয়োজ্যৈষ্ঠসকলৰ উপদেশত নবীন কবি-সাহিত্যিকসকলৰ জৰিয়তে অসমীয়া ভাষা-সাহিত্য- সংস্কৃতিক জীয়াই ৰখাৰ লগতে নৱপ্ৰজন্মক সঠিক বাটৰ সন্ধান দিয়াৰ উদ্দেশ্য “জোনাকী পষেকীয়া ই আলোচনী” নামৰ এখন সতেজ পৃথিৱী সৃষ্টি কৰি সেউজীয়া ৰূপ দিয়াৰ প্ৰচেষ্টা কৰি আছোঁ৷
বিগত কেইবা বছৰ ধৰি সন্মানীয় ৰাহুল চেতিয়া দাদাই মুখ্য সম্পাদকৰ দায়িত্বত থাকি ই- আলোচনীখনৰ জৰিয়তে বহু নবীন কবি-সাহিত্যিকৰ জন্ম দিছে৷ সাহস, প্ৰতিশ্ৰুতি আৰু ইচ্ছা যদি সদায় একেই ভাবে দৃঢ় থাকে তেনেহলে এদিন ঠিকেই বৃহৎ জগতৰ সৃষ্টি কৰিব পাৰিম৷ বৰ্তমান মানৱজাতি অজস্ৰ ব্যস্ততাৰ মাজত সাহিত্যৰ কিতাপখন পঢ়িবলৈ বহুতো টান পাই, সেয়ে তেওঁলোকৰ হৃদয়ত সাহিত্যৰ নৱ বীজ ৰোপণ কৰাটো আমাৰ কৰ্তব্য৷
শেষত এয়াই ক’ব বিচাৰোঁ মোৰ দায়িত্বত কিবা অজানিতে ভুল-ত্ৰুটি হ’লে আঙুলিয়াই দিয়াৰ লগতে মোক ক্ষমা কৰিব বুলি আশা ৰাখিলোঁ৷
ধন্যবাদেৰে-
শিল্পী দাস (প্ৰিয়), হোজাই
সম্পাদিকা
জোনাকী পষেকীয়া ই-আলোচনী