তহঁতৰ ৰজা-ৰাণী খেলখনত মই ৰজাঘৰীয়া পো হ’ব নোৱাৰিলো পিতাই,
খুলি দিব নোৱাৰিলো ৰাজ-প্ৰাসাদৰ দুৱাৰ,
কঢ়িয়াই আনিবও নোৱাৰিলো এমুঠি জোনাক,
আই মুখত এমোকোৰা হাঁহি গুজি
সুজিবও নোৱাৰিলোঁ জন্ম লোৱাৰ নামত থকা ধাৰ৷
পিতাই পোহৰ বিচাৰি মই যিখন পৃথিৱীত বিচৰণ কৰি আছোঁ,
তাত আচলতে পোহৰ নাই
পোহৰৰ নামত কেৱল আন্ধাৰ
যি আন্ধাৰত চিনিব নোৱাৰে মানুহে মানুহক,
(যি আন্ধাৰত হেৰুৱাব পাৰি জীৱনৰ ঠিকনা)৷
ইয়াত হাঁহি আৰু কান্দোনৰ কোনো মূল্য নাই পিতাই,
হাঁহিৰ নামত হয় প্ৰৱঞ্চনা চকুলো দেখি বুজি নাপায় মানুহে মানুহৰ আবেগ,
অনুভূতিৰ কথা, ইয়াত নাই পিতাই
গাঁৱৰ সেই সেউজী সঁজাল পথাৰ,
ইয়াত নিলিখে কোনেও জোনাক আৰু বৰষুণৰ কবিতা,
নজ্বলে ইয়াত সৃষ্টিৰ উজ্জ্বল শলিতা৷
পিতাই, ইয়াত কেৱল শূন্যতা গভীৰ শূন্যতা ….৷৷
(ক্ষমা কৰিবি পিতাই তহঁতৰ আকাশত উজ্জ্বল নক্ষত্ৰ এটি হৈ মই জিলিকি থাকিব
নোৱাৰিলোঁ অ নোৱাৰিলোঁ………)৷৷
✍অভিজিৎ কোঁৱৰ