সসাম্প্রতিক সময়ত হাতে বোৱা কাপোৰ আৰু তাঁতশালৰ গুৰুত্ব: ঋতুপর্ণা ইংতিপি

সাম্প্রতিক কালত বহুলভাৱে প্ৰচলিত আৰু জনমানসক আলোড়িত কৰা প্ৰধান অভিধা হ’ল বিশ্বায়ন।বিশ্বায়নৰ প্ৰতিশব্দ হিচাপে ইংৰাজীৰ Globalization শব্দটো ব্যৱহাৰ কৰা হয়। বিজ্ঞান,প্ৰযুক্তিবিদ্যাই উন্নতি জখলা বগোৱা ফলতেই গোটেই পৃথিৱীখন এখন গাঁও নিচিনা হৈ পৰিছে। অসমীয়া সংস্কৃতিৰ উপাদানৰ ওপৰতো বিশ্বায়নৰ প্ৰভাৱ মন কৰিবলগীয়া। বিশ্বায়নে অসমীয়া ভাষা-সাহিত্য, সাজপাৰ,খাদ্যাভাস, সংগীতৰ জগত তথা হেঁপাহৰ বিহুৰ ওপৰতো প্ৰভাৱ বিস্তাৰ কৰিছে।

“অসমীয়া মহিলাসকলে তাঁতশালত সপোন ৰচে” বুলি কোৱা হয়। হাতে বোৱা কাপোৰ বুলিলে অসমীয়া জীয়ৰী বোৱাৰী সকলে তাঁত শালত প্ৰস্তুত কৰি উলিওৱা কাপোৰকে বুজা যায়। প্ৰতিজন অসমীয়াৰে হাতে বোৱা কাপোৰৰ প্ৰতি বিশেষ মোহ আছে। প্ৰাচীন কালৰে পৰা অসমত বয়ন শিল্পৰ প্ৰচলন হৈ আহিছে। ঐতিহাসিক কালত যুদ্ধক্ষেত্রলৈ যোৱা ৰণুৱা বীৰসকলক মহিলাবোৰে তাঁতশালত কবচ কাপোৰ বৈ দিছিল বুলি বুৰঞ্জীৰ পৰা জানিব পাৰি। বৰ্তমানৰ প্ৰেক্ষাপটত বিচাৰ কৰিলে এইখিনিতে এটি প্ৰশ্ন মনলৈ আহে,”সাম্প্রতিক সময়ত বয়ন শিল্পৰ প্ৰতি সমাদৰ কমি আহিছে নেকি? একেবাৰেই ইয়াৰ সমাদৰ কমি আহিছে বুলি কোৱাৰো স্পৰ্ধা নাই।বয়ন শিল্প অসমৰ এক গুৰুত্বপূৰ্ণ কুটিল শিল্প। শিপিনীসকলৰ কলাত্মক আৰু উৎপত্তিশীলতা জৰিয়তে অসমৰ হস্ততাঁত উদ্যোগটোৱে নিজৰ সমৃদ্ধতাক দাঙি ধৰিছে।

যি কি নহওঁক বিশ্বায়নৰ প্ৰভাৱ নাইবা পশ্চিমীয়া সংস্কৃতি অনুকৰণৰ ফলতেই অসমীয়া সাজপাৰৰ জগতখনলৈ ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিছে। অতি কষ্টৰে তাঁতশালত বোৱা কাপোৰৰ সঠিক মূল্য বহুতো শিপিনীয়ে লাভ নকৰে।বহুজাতিক কোম্পানীবোৰত উৎপাদিত কম মূল্যৰ সস্তীয়া সাজপোছাকে বজাৰত বহুলভাৱে ঠাই দখল কৰিছে। অসমীয়া মহিলাসকলে চাদৰ মেখেলা পৰিৱৰ্তে চুইদাৰ , কু্ৰ্তি, কামিজ, টি-ছাৰ্ট, বিভিন্ন প্ৰকাৰৰ লংপেন্ট পৰিধান কৰিব লৈছে। ইয়াৰ ফলতেই সাম্প্রতিক প্ৰজন্মৰ হাতে বোৱা কাপোৰৰ প্ৰতি আদৰ আৰু মোহ হ্ৰাস পাইছে বুলি ক’লে ভুল নহ’ব। যেতিয়া পৰা আধুনিকতাৰ পৰশ পাই সমাজ ব্যবস্থা নগৰমুখী তথা উদ্যোগীক হৈ পৰিল ক্ৰমান্বয়ে তাঁতশালৰ প্ৰচলন কিছু হ্ৰাস পাব ধৰিলে। বৰ্তমানো ঠাই বিশেষে গাঁৱলীয়া ঠাইত অসমীয়া মহিলাসকলে তাঁত বৈ আহিছে। তাহানিৰ মহিলাসকলে খাদীকাপোৰ,কপাহী কাপোৰ বৈছিল।এৰিপলু, মুগাপলু পোহ-পাল দি তাৰ পৰা যঁতৰৰ সহায়েৰে সূতা কাটি বস্ত্ৰ তৈয়াৰ কৰিছিল।তাঁতশাল দুই প্ৰকাৰৰ তাঁতীশাল আৰু মাটিশাল। বৰ্তমান এচাম নৱপ্ৰজন্মই হয়তো অসমীয়া পৰম্পৰাগত সাজপাৰৰ নামেই শুনা নাই। ৰিহা মেখেলা বুলি ক’লে কেতবোৰ বিভিন্ন প্ৰকাৰৰ নাম আছে যেনে– দহিঅলীয়া, গুণাকটা, কেছবছা, বৰৈ লগা ৰিহা,গঁৰিয়লী, আঁচলে পাৰিৰে গুণাকটা ইত্যাদি। মেখেলাৰ নামবোৰ হৈছে-গোমচেংঙৰ মেখেলা, মেজাংকৰী মেখেলা, মুগা মেখেলা, কিংখাপৰ মেখেলা গুণাকৰা মেখেলা,ইত্যাদি। অসমীয়া নাৰীৰ সম্ভ্রান্ত সাজপাৰ। তাহানিতে নিপুণ শিপিনীসকলে তাঁতশালত বৈ উলিয়াইছিল। ইয়াৰ মানদণ্ডও উন্নতমানৰ আছিল। বৰ্তমান বজাৰত হাতে বোৱা কাপোৰৰ পৰিৱৰ্তে সস্তীয়া মানদণ্ডৰ তচ্ মুগা, মিক্স পাট ইত্যাদি নানা ৰকমৰ কাপোৰে ৰংচঙীয়া হৈ পৰিছে। বয়ন শিল্পৰ লগত জড়িত সঁজুলিবোৰৰ বিষয় এতিয়া বহুতে হয়তো অজ্ঞাত। ইয়াৰ উদাহৰণ এটি দিয়া যাওঁক –কিছুদিনৰ পূৰ্বে বিহু অনুষ্ঠান এখনত বিচাৰক এগৰাকীয়ে বিহুৱতী গৰাকীলৈ এটি প্ৰশ্ন আগবঢ়াইছিল। নাচনী জৰী কাক বোলে? উত্তৰ দিয়াত বিহুৱতী গৰাকী অপাৰগ। বিচাৰক গৰাকীয়ে উত্তৰটো দিলে ঠিকেই, কিন্তু তেওঁৰো তাঁতশালৰ বিষয় সাধাৰণ জ্ঞানকণৰো অভাৱ। আচলতে তেওঁ গৰকাত ব্যৱহাৰ কৰা ৰচীডালকে নাচনী জৰী বুলি উল্লেখ কৰিছে। ইয়াৰ পৰা সহজে অনুমান কৰিব পাৰি যে সাম্প্রতিক নৱপ্ৰজন্মৰ তাঁতশাল বা হাতে বোৱা কাপোৰৰ প্ৰতি কিমান আদৰ বা মোহ। হৈ যোৱা ভুলৰ বাবে ক্ষমা প্রার্থী।

✍️ঋতুপর্ণা ইংতিপি/মৰিগাঁও

Leave a Comment

Comments

No comments yet. Why don’t you start the discussion?

Leave a Reply

Your email address will not be published. Required fields are marked *