সৰাফুলৰ পাহিত নিয়ৰৰ চিকমিকনি
কেউ কাষে উন্মাদ বা মাজতে এডাল মমবাতি
জ্বলাবলৈ যে পোহৰেই পোহৰ আছে মাথোঁ আন্ধাৰৰ আশ্বাস হৈ!
যৱনিকাৰ ক্ষণ গণা কুঁহিপাতৰপৃষ্ঠাত জোনে ঢলা স্নিগ্ধতাৰ সুবাস;
অমাৱশ্যাৰ এটি নিশা! হাড় কঁপোৱা জাৰৰ ভীষণ উত্তাপ মাথোঁঁ এখনি বগা চাদৰ,
প্ৰজ্বলিত শিখাৰ দপদপনি উন্মত্ত বতাহ, শ্বস্তিৰ নিশ্বাস
নিজান নিতাল৷ ৷
— মৃন্ময় শইকীয়া /মৰিগাঁও