প্ৰত্যেক দিনাৰ দৰে আজিও স্কুলৰ পৰা আহি চোতালৰ পৰাই তাই চিঞৰিলে।আইতা অ’ আইতা বুলি।দুৱাৰখন বন্ধ দেখি মাক আৰু খুড়ীয়েকৰ ওপৰত খং উঠিল। মানুহজনী অকলে এৰি থৈ ক’ত যায় বুলি কৈয়ে তাই ভিতৰত সোমাল। এইবাৰ তাইৰ খং দুগুণে বাঢ়ে।ইমান গৰমত ফেন খনো নচলোৱাকৈ চকুৰে নেদেখা আইতাকক অকলে এৰাৰ বাবে।
বেগটো বিচনাত থৈয়ে ক’লে – গৰম লাগিছে নে আইতা? ভাত খালি জানো?আইতাকৰ মাত নাপায় ঘূৰি চাই আইতাকৰ ফালে। কিবা এটা অসহনীয় বিষ অনুভৱ কৰিলে তাই।গভীৰ টোপনিত শুই আছিল কেইদিন মানৰ আগতে বগা চাদৰ খনৰ তলত।তাইৰ মৰমৰ আইতাক জনী।
✍️ঋতুপর্ণা ইংতিপি,মৰিগাওঁ